ছূৰা 4 · জুজ 5
An-Nisa · 4:71
يَا أَيُّهَا الَّذِينَ آمَنُوا خُذُوا حِذْرَكُمْ فَانْفِرُوا ثُبَاتٍ أَوِ انْفِرُوا جَمِيعًا
হে মুমিনসকল! তোমালোকে নিজৰ সতৰ্কতা অৱলম্বন কৰা, তাৰ পিছত সুবিধানুযায়ী দলে দলে বিভক্ত হৈ অগ্ৰসৰ হোৱা অথবা একগোট হৈ অগ্ৰসৰ হোৱা।
তাফছীৰ
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! নিজৰ শত্ৰুসকলৰ পৰা সাৱধানতা অৱলম্বন কৰি সিহঁতৰ লগত যুদ্ধ কৰিবলৈ অস্ত্ৰ প্ৰস্তুত ৰাখিবা। লগতে দলে দলে ওলাই আহা অথবা সকলো একেলগে ওলাই আহা। এই সকলোবোৰ নিজৰ স্বাৰ্থ আৰু শত্ৰুক পৰাজিত কৰাৰ উপায়সমূহ সন্মুখত ৰাখি কৰা উচিত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক