ছূৰা 4 · জুজ 5

An-Nisa · 4:74

۞ فَلْيُقَاتِلْ فِي سَبِيلِ اللَّهِ الَّذِينَ يَشْرُونَ الْحَيَاةَ الدُّنْيَا بِالْآخِرَةِ ۚ وَمَنْ يُقَاتِلْ فِي سَبِيلِ اللَّهِ فَيُقْتَلْ أَوْ يَغْلِبْ فَسَوْفَ نُؤْتِيهِ أَجْرًا عَظِيمًا

এতেকে যিসকলে আখিৰাতৰ বিনিময়ত পাৰ্থিৱ জীৱন বিক্ৰী কৰে সিহঁতে আল্লাহৰ পথত যুদ্ধ কৰা উচিত। আৰু যিয়ে আল্লাহৰ পথত যুদ্ধ কৰিব সি নিহত হওঁক অথবা বিজয়ী হওঁক আমি তাক মহা পুৰষ্কাৰ প্ৰদান কৰিম।

তাফছীৰ

এতেকে প্ৰকৃত মুমিনসকলে নিজৰ পাৰ্থিৱ জীৱনৰ মোহ এৰি ইয়াৰ বিনিময়ত আখিৰাতক ক্ৰয় কৰিছে, তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰা উচিত, যাতে আল্লাহৰ দ্বীন সদায় উচ্চ থাকে। যিয়ে আল্লাহৰ দ্বীন সুউচ্চ কৰিবলৈ আল্লাহৰ পথত যুদ্ধ কৰি শ্বহীদ হব, অথবা শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব, আল্লাহে তাক ডাঙৰ ছোৱাব প্ৰদান কৰিব অৰ্থাৎ সি জান্নাত আৰু আল্লাহৰ সন্তুষ্টি লাভ কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক