ছূৰা 4 · জুজ 5
An-Nisa · 4:64
وَمَا أَرْسَلْنَا مِنْ رَسُولٍ إِلَّا لِيُطَاعَ بِإِذْنِ اللَّهِ ۚ وَلَوْ أَنَّهُمْ إِذْ ظَلَمُوا أَنْفُسَهُمْ جَاءُوكَ فَاسْتَغْفَرُوا اللَّهَ وَاسْتَغْفَرَ لَهُمُ الرَّسُولُ لَوَجَدُوا اللَّهَ تَوَّابًا رَحِيمًا
আৰু আমি যিকোনো ৰাছুল প্ৰেৰণ কৰিছো সেয়া কেৱল এই বাবে যে, যাতে আল্লাহৰ অনুমতিক্ৰমে তেওঁলোকৰ আনুগত্য কৰা হয়, যেতিয়া সিহঁতে নিজৰ প্ৰতি অন্যায় কৰে তেতিয়া সিহঁতে তোমাৰ ওচৰত আহিলে আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু ৰাছুলেও সিহঁতৰ বিষয়ে ক্ষমা বিচাৰিলে সিহঁতে নিশ্চয় আল্লাহক পৰম ক্ষমাশীল আৰু পৰম দয়ালুৰূপে পাব।
তাফছীৰ
আমি ৰাছুল এই কাৰণে প্ৰেৰণ কৰো যাতে মানুহে আল্লাহৰ ইচ্ছাত তেওঁলোকৰ অনুসৰণ কৰে। এতেকে হে ৰাছুল! যদি সিহঁতে কোনো পাপ কৰ্ম কৰাৰ পিছত আপুনি জীৱিত থকা অৱস্থাত আপোনাৰ ওচৰত আহিলেহেঁতে আৰু নিজৰ গুনাহ স্বীকাৰ কৰিলেহেঁতেন লগতে অনুতপ্ত হৈ তাওবা কৰিলেহেঁতেন আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন লগতে আপুনিও যদি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন তেন্তে অৱশ্যে সিহঁতে আল্লাহক তাওবা কবূলকাৰী আৰু দয়ালু হিচাপে পালেহেঁতেন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক