ছূৰা 4 · জুজ 5

An-Nisa · 4:65

فَلَا وَرَبِّكَ لَا يُؤْمِنُونَ حَتَّىٰ يُحَكِّمُوكَ فِيمَا شَجَرَ بَيْنَهُمْ ثُمَّ لَا يَجِدُوا فِي أَنْفُسِهِمْ حَرَجًا مِمَّا قَضَيْتَ وَيُسَلِّمُوا تَسْلِيمًا

কিন্তু নহয়, তোমাৰ প্ৰতিপালকৰ শপত! সিহঁত মুমিন হ’ব নোৱাৰে যেতিয়া লৈকে সিহঁতে সিহঁতৰ মাজত সৃষ্টি হোৱা বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্যত তোমাক মীমাংসাকাৰী হিচাপে মানি নলয়; তাৰ পিছত তোমাৰ মীমাংসা সম্পৰ্কে সিহঁতৰ মনত কোনো দ্বিধা থাকিব নালাগে আৰু যেতিয়া লৈকে সেয়া সৰ্বান্তকৰণে মানি নলয়।

তাফছীৰ

দৰাচলতে বিষয়টো তেনেকুৱা নহয়, যিদৰে মুনাফিকসকলে ধাৰণা কৰে। বৰং আল্লাহে নিজৰ শপত খাই কৈছে যে, সিহঁত প্ৰকৃত মুমিন হবই নোৱাৰে, যেতিয়া লৈকে সিহঁতে নিজৰ মাজত উত্পন্ন হোৱা সকলো মতানৈক্যত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তেওঁৰ জীৱন কালত আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ চৰীয়তক মীমাংসাকাৰী হিচাপে মানি নলব। ইয়াৰ পিছত সিহঁতৰ অন্তৰত আপোনাৰ ফয়চালা সম্পৰ্কে কোনো সংকোচবোধ তথা সংশয় থাকিব নালাগে লগতে আভ্যন্তৰীণ আৰু বাহ্যিক ভাৱে পৰিপূৰ্ণৰূপে আপোনাৰ আদেশ মানি লোৱা উচিত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক