ছূৰা 4 · জুজ 5

An-Nisa · 4:63

أُولَٰئِكَ الَّذِينَ يَعْلَمُ اللَّهُ مَا فِي قُلُوبِهِمْ فَأَعْرِضْ عَنْهُمْ وَعِظْهُمْ وَقُلْ لَهُمْ فِي أَنْفُسِهِمْ قَوْلًا بَلِيغًا

এওঁলোকৰ অন্তৰত কি আছে সেয়া আল্লাহে ভাল দৰে জানে। সেয়ে তুমি সিহঁতক বৰ্জন কৰা, সিহঁতক সদুপদেশ দিয়া আৰু সিহঁতৰ লগত সিহঁতৰ নিজৰ বিষয়ে মৰ্মস্পৰ্শকাৰী কথা কোৱা।

তাফছীৰ

এইসকল লোকৰ অন্তৰত গোপন থকা নিফাক আৰু বেয়া মনোভাৱ সম্পৰ্কেও আল্লাহ অৱগত। এতেকে হে ৰাছুল! সিহঁতক সিহঁতৰ অৱস্থাত এৰি দিয়ক, লগতে সিহঁতৰ প্ৰতি মনোযোগ নিদিব। সিহঁতক প্ৰেৰণা প্ৰদান কৰি আৰু সতৰ্ক কৰি আল্লাহৰ আদেশ বৰ্ণনা কৰক লগতে এনেকুৱা কথা কওঁক যিটো সিহঁতৰ অন্তৰ চুই যাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক