ছূৰা 4 · জুজ 5

An-Nisa · 4:60

أَلَمْ تَرَ إِلَى الَّذِينَ يَزْعُمُونَ أَنَّهُمْ آمَنُوا بِمَا أُنْزِلَ إِلَيْكَ وَمَا أُنْزِلَ مِنْ قَبْلِكَ يُرِيدُونَ أَنْ يَتَحَاكَمُوا إِلَى الطَّاغُوتِ وَقَدْ أُمِرُوا أَنْ يَكْفُرُوا بِهِ وَيُرِيدُ الشَّيْطَانُ أَنْ يُضِلَّهُمْ ضَلَالًا بَعِيدًا

তুমি সিহঁতক দেখা নাইনে? যিসকলে দাবী কৰে যে, তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে তাত সিহঁতে ঈমান আনিছে, অথচ সিহঁতে তাগুতৰ ওচৰত বিচাৰপ্ৰাৰ্থী হ’ব বিচাৰে, যদিও সেইটোক প্ৰত্যাখ্যান কৰাৰ বাবে সিহঁতক নিৰ্দেশ দিয়া হৈছিল; আৰু চয়তানে সিহঁতক ভীষণভাৱে পথভ্ৰষ্ট কৰিব বিচাৰে।

তাফছীৰ

হে ৰাছুল! আপুনি ইয়াহুদী মুনাফিকসকলৰ দ্বিতীয় চৰিত্ৰ দেখা নাইনে, যিসকলে মিছা দাবী কৰে যে, আপোনাৰ প্ৰতি তথা আপোনাৰ পূৰ্বে ৰাছুলসকলৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান পোষণ কৰে। কিন্তু মতবিৰোধৰ সময়ত ফয়চালাৰ বাবে, আল্লাহৰ চৰীয়ত এৰি মানৱ ৰচিত বিধানৰ দ্বাৰা ফয়চালা পছন্দ কৰে। অথচ সিহঁতক এইবোৰ অস্বীকাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। দৰাচলতে চয়তানে বিচাৰে যে, সিহঁত সত্যৰ পৰা ইমান দূৰ আঁতৰি যাওঁক যাতে উভতি অহা অসম্ভৱ হৈ পৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক