ছূৰা 4 · জুজ 5
An-Nisa · 4:59
يَا أَيُّهَا الَّذِينَ آمَنُوا أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ وَأُولِي الْأَمْرِ مِنْكُمْ ۖ فَإِنْ تَنَازَعْتُمْ فِي شَيْءٍ فَرُدُّوهُ إِلَى اللَّهِ وَالرَّسُولِ إِنْ كُنْتُمْ تُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ۚ ذَٰلِكَ خَيْرٌ وَأَحْسَنُ تَأْوِيلًا
হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ, তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ।
তাফছীৰ
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰি আৰু তেওঁলোকে নিষেধ কৰা বস্তুৰ পৰা বিৰত থাকি তেওঁলোকৰ আনুগত্য কৰা। তথা শাসকৰ কথা মানি চলা যেতিয়া লৈকে সিহঁতে গুনাহৰ নিৰ্দেশ নিদিয়ে। ইয়াৰ পিছত যদি কোনো বিষয়ত তোমালোকৰ মতবিৰোধ হয় তেন্তে সেই বিষয়ে আল্লাহৰ কিতাপ আৰু ৰাছুলৰ ছুন্নতৰ পিনে শৰণাপন্ন হোৱা, যদি তোমালোকে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস কৰা। কোৰআন ছুন্নতৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰাটো মতভেদত লিপ্ত থকা তথা কোনো ব্যক্তিগত উক্তিৰ অনুসৰণ কৰাতকৈ উত্তম। লগতে পৰিণামৰ ক্ষেত্ৰতো এয়া উত্তম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক