ছূৰা 4 · জুজ 5

An-Nisa · 4:58

۞ إِنَّ اللَّهَ يَأْمُرُكُمْ أَنْ تُؤَدُّوا الْأَمَانَاتِ إِلَىٰ أَهْلِهَا وَإِذَا حَكَمْتُمْ بَيْنَ النَّاسِ أَنْ تَحْكُمُوا بِالْعَدْلِ ۚ إِنَّ اللَّهَ نِعِمَّا يَعِظُكُمْ بِهِ ۗ إِنَّ اللَّهَ كَانَ سَمِيعًا بَصِيرًا

নিশ্চয় আল্লাহে তোমালোকক আমানতসমূহ তাৰ গৰাকীলৈ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। তোমালোকে যেতিয়া মানুহৰ মাজত বিচাৰকাৰ্য পৰিচালনা কৰিবা তেতিয়া তোমালোকে ন্যায়পৰায়ণতাৰ সৈতে বিচাৰ কৰিবা। আল্লাহে তোমালোকক যি উপদেশ দিয়ে সেয়া কিমান যে উৎকৃষ্ট! নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

তাফছীৰ

আল্লাহে তোমালোকক আদেশ দিয়ে যে, তোমালোকৰ ওচৰত থকা আমানতৰ প্ৰতিটো বস্তু আমানতৰ গৰাকীক ওভোতাই দিয়া। লগতে তোমালোকক এই আদেশ দিয়ে যে, যেতিয়া তোমালোকে মানুহৰ মাজত বিচাৰ মীমাংসা কৰিবা তেতিয়া ন্যায়সংগত ভাৱে কৰিবা। ফয়চালা কৰাৰ সময়ত পক্ষপাত অথবা অন্যায় নকৰিবা। আল্লাহে প্ৰত্যেক পৰিস্থিতিৰ বাবে উত্তম শিক্ষা আৰু নিৰ্দেশ দিয়ে। নিশ্চয় আল্লাহে তোমালোকৰ কথা শ্ৰৱণ কৰে আৰু তোমালোকৰ কৰ্ম দেখে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক