ছূৰা 4 · জুজ 5
An-Nisa · 4:57
وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ سَنُدْخِلُهُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا أَبَدًا ۖ لَهُمْ فِيهَا أَزْوَاجٌ مُطَهَّرَةٌ ۖ وَنُدْخِلُهُمْ ظِلًّا ظَلِيلًا
আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, অতি শীঘ্ৰে আমি সিহঁতক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নিজৰাসমূহ প্ৰবাহিত; তাত সিহঁত চিৰস্থায়ী হ’ব, তাত সিহঁতৰ বাবে পৱিত্ৰ স্ত্ৰী থাকিব আৰু সিহঁতক আমি বিস্তৃত ঘন ছাঁত আশ্ৰয় দান কৰিম।
তাফছীৰ
যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু ৰাছুলৰ আনুসৰণ কৰিছে আৰু সত্কৰ্ম কৰিছে, আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম যাৰ অট্টালিকাসমূহৰ তলত নদীসমূহ প্ৰবাহিত। তাত তেওঁলোক চিৰস্থায়ী হব। তেওঁলোকৰ বাবে এই জান্নাতত থাকিব সকলো ধৰণৰ আৱৰ্জনা মুক্ত পৱিত্ৰ স্ত্ৰীসকল। আমি তেওঁলোকক ঘন ছাঁৰ তলত ৰাখিম যিটো দীৰ্ঘ প্ৰসাৰিত হব। য’ত গৰম ঠাণ্ডা একোৱে অনুভৱ নহব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক