ছূৰা 4 · জুজ 5
An-Nisa · 4:56
إِنَّ الَّذِينَ كَفَرُوا بِآيَاتِنَا سَوْفَ نُصْلِيهِمْ نَارًا كُلَّمَا نَضِجَتْ جُلُودُهُمْ بَدَّلْنَاهُمْ جُلُودًا غَيْرَهَا لِيَذُوقُوا الْعَذَابَ ۗ إِنَّ اللَّهَ كَانَ عَزِيزًا حَكِيمًا
নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে আমি সিহঁতক জুইত প্ৰৱেশ কৰাম; যেতিয়াই সিহঁতৰ ছাল জুইত পুৰি পকি যাব তেতিয়াই ইয়াৰ ঠাইত নতুন ছাল সলনি কৰি দিম, যাতে সিহঁতে শাস্তি ভোগ কৰিব পাৰে। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
তাফছীৰ
নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আমি সিহঁতক ক্বিয়ামতৰ দিনা জাহান্নামত প্ৰৱেশ কৰাম, যিটো সিহঁতক চাৰিও ফালৰ পৰা পৰিবেষ্টন কৰি ৰাখিব। যেতিয়াই সিহঁতৰ ছাল গেলি পচি যাব তেতিয়াই আমি সিহঁতক নতুন ছালেৰে আৱৰণ দিম, যাতে শাস্তি অব্যাহত থাকে। নিশ্চয় আল্লাহ মহা পৰাক্ৰমশালী, তেওঁক কোনেও অপাৰগ কৰাৰ ক্ষমতা নাৰাখে, তেওঁ সিদ্ধান্ত আৰু ফয়চালাত মহা প্ৰজ্ঞাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক