ছূৰা 4 · জুজ 5
An-Nisa · 4:55
فَمِنْهُمْ مَنْ آمَنَ بِهِ وَمِنْهُمْ مَنْ صَدَّ عَنْهُ ۚ وَكَفَىٰ بِجَهَنَّمَ سَعِيرًا
তাৰ পিছত সিহঁতৰ কিছুমানে ঈমান আনিছিল আৰু আন কিছুমানে ইয়াৰ পৰা বিমুখ হৈছিল; দগ্ধকাৰী হিচাপে জাহান্নামেই যথেষ্ট।
তাফছীৰ
আহলে কিতাবসকলৰ কিছুমানে ইব্ৰাহীম আলাইহিছ ছালাম আৰু তেওঁৰ বংশধৰ নবীসকলৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু কিছুমানে ঈমানৰ পৰা আঁতৰি গৈছে। আৰু আজিও সিহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ লগতো সেই আচৰণেই কৰি আছে। সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে জাহান্নামৰ শাস্তিয়েই যথেষ্ট।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক