ছূৰা 4 · জুজ 5

An-Nisa · 4:61

وَإِذَا قِيلَ لَهُمْ تَعَالَوْا إِلَىٰ مَا أَنْزَلَ اللَّهُ وَإِلَى الرَّسُولِ رَأَيْتَ الْمُنَافِقِينَ يَصُدُّونَ عَنْكَ صُدُودًا

সিহঁতক যেতিয়া কোৱা হয়, আল্লাহে যি অৱতীৰ্ণ কৰিছে তাৰ পিনে আৰু ৰাছুলৰ পিনে আহা, তেতিয়া তুমি মুনাফিকসকলক দেখিবা যে, সিহঁতে তোমাৰ পৰা ফালৰি কাটি আঁতৰি গৈছে।

তাফছীৰ

যেতিয়া এইসকল মুনাফিকক কোৱা হয় যে, আল্লাহে নিজৰ পুথিত যি বিধান অৱতীৰ্ণ কৰিছে সেই পিনে আহা আৰু ৰাছুলৰ ওচৰলৈ আহা, যাতে তোমালোকৰ পৰস্পৰ মতভেদৰ মীমাংসা কৰি দিয়ে। হে ৰাছুল! তেতিয়া আপুনি সিহঁতক দেখিবলৈ পাব যে, সিহঁত আপোনাৰ পৰা সম্পূৰ্ণৰূপে বিমূখ হৈ আনৰ ওচৰত মীমাংসাৰ বাবে গুচি যায়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক