ছূৰা 4 · জুজ 5

An-Nisa · 4:51

أَلَمْ تَرَ إِلَى الَّذِينَ أُوتُوا نَصِيبًا مِنَ الْكِتَابِ يُؤْمِنُونَ بِالْجِبْتِ وَالطَّاغُوتِ وَيَقُولُونَ لِلَّذِينَ كَفَرُوا هَٰؤُلَاءِ أَهْدَىٰ مِنَ الَّذِينَ آمَنُوا سَبِيلًا

তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলক কিতাবৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে জিব`ত আৰু তাগুতক বিশ্বাস কৰে, সিহঁতে কাফিৰসকলৰ বিষয়ে কয়, ‘এওঁলোকেই মুমিনসকলতকৈ অধিক সঠিক পথপ্ৰাপ্ত’।

তাফছীৰ

হে ৰাছুল! আপুনি ইয়াহুদীসকলৰ অৱস্থা সম্পৰ্কে অৱগত নহয় নেকি, যিসকলক জ্ঞানৰ কিছু অংশ প্ৰদান কৰা হৈছিল। লগতে আপুনি এই কথাত আচৰিত নহয় নেকি যে, সিহঁতে আল্লাহৰ বাহিৰে নিজে বনোৱা উপাস্যৰ প্ৰতি ঈমান পোষণ কৰে আৰু সিহঁতে মুশ্বৰিকসকলৰ কথাত হয় ভৰ দি কয়, মুশ্বৰিকসকল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবাসকলতকৈ অধিক হিদায়তৰ ওপৰত আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক