ছূৰা 4 · জুজ 5
An-Nisa · 4:49
أَلَمْ تَرَ إِلَى الَّذِينَ يُزَكُّونَ أَنْفُسَهُمْ ۚ بَلِ اللَّهُ يُزَكِّي مَنْ يَشَاءُ وَلَا يُظْلَمُونَ فَتِيلًا
তুমি সিহঁতক দেখা নাইনে, যিসকলে নিজকে পৱিত্ৰ বুলি ধাৰণা কৰে? অথচ আল্লাহে যাক ইচ্ছা পৱিত্ৰ কৰে, আৰু সিহঁতৰ ওপৰত সূতা পৰিমাণেও অন্যায় কৰা নহব।
তাফছীৰ
হে ৰাছুল! আপুনি সেই সকল লোকৰ বিষয়ে নাজানে নেকি, যিসকলে নিজৰ আৰু নিজ কৰ্মৰ পৱিত্ৰতাৰ গুণগান কৰি ফুৰে? অথচ এই অধিকাৰ কেৱল আল্লাহৰ যে, তেওঁ নিজ বান্দাসকলৰ যাক ইচ্ছা প্ৰশংসা কৰে আৰু পৱিত্ৰ কৰে, কাৰণ তেৱেঁই অন্তৰৰ গোপন তথ্য সম্পৰ্কে অৱগত। তথা সিহঁতৰ ছোৱাব অকণো হ্ৰাস কৰা নহব, আনকি খেজুৰৰ গুটিৰ ওপৰত থকা আৱৰণ পৰিমাণ ছোৱাবো হ্ৰাস কৰা নহব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক