ছূৰা 4 · জুজ 5

An-Nisa · 4:48

إِنَّ اللَّهَ لَا يَغْفِرُ أَنْ يُشْرَكَ بِهِ وَيَغْفِرُ مَا دُونَ ذَٰلِكَ لِمَنْ يَشَاءُ ۚ وَمَنْ يُشْرِكْ بِاللَّهِ فَقَدِ افْتَرَىٰ إِثْمًا عَظِيمًا

নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি নিশ্চয় মহাপাপ ৰচনা কৰে।

তাফছীৰ

নিশ্চয় আল্লাহে তেওঁৰ সৃষ্টিৰ পৰা কাৰোবাক তেওঁৰ অংশীদাৰ গণ্য কৰা গুনাহক কেতিয়াও ক্ষমা নকৰিব। কিন্তু শ্বিৰ্ক আৰু কুফৰৰ বাহিৰে আন আন গুনাহসমূহ যিটো ইচ্ছা কৰিব, নিজ অনুগ্ৰহত ক্ষমা কৰিব অথবা যাক ইচ্ছা কৰিব ন্যায় অনুসাৰে শাস্তি প্ৰদান কৰিব। যিয়ে আল্লাহৰ লগত অংশীদাৰ (শ্বিৰ্ক) স্থাপন কৰিব, সি ইমান ডাঙৰ পাপ কৰ্ম কৰিছে যে, তাওবা অবিহনে মৃত্যুবৰণ কৰিলে কেতিয়াও ক্ষমাৰ যোগ্য নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক