ছূৰা 4 · জুজ 5
An-Nisa · 4:47
يَا أَيُّهَا الَّذِينَ أُوتُوا الْكِتَابَ آمِنُوا بِمَا نَزَّلْنَا مُصَدِّقًا لِمَا مَعَكُمْ مِنْ قَبْلِ أَنْ نَطْمِسَ وُجُوهًا فَنَرُدَّهَا عَلَىٰ أَدْبَارِهَا أَوْ نَلْعَنَهُمْ كَمَا لَعَنَّا أَصْحَابَ السَّبْتِ ۚ وَكَانَ أَمْرُ اللَّهِ مَفْعُولًا
হে কিতাবপ্ৰাপ্তসকল! আমি মুখমণ্ডলসমূহক বিকৃত কৰি পশ্চাদফালে ঘূৰাই দিয়াৰ আগতে অথবা আচহাবুচ ছাবতক যিদৰে অভিসম্পাত কৰিছিলো সেইদৰে অভিসম্পাত কৰাৰ আগতে তোমালোকৰ ওচৰত যি আছে তাৰ সমৰ্থকৰূপে আমি যি অৱতীৰ্ণ কৰিছো তাৰ প্ৰতি তোমালোকে ঈমান আনা; (জানি থোৱা) আৰু আল্লাহৰ আদেশ কাৰ্যকৰী হৈয়ে থাকে।
তাফছীৰ
হে পুথিপ্ৰাপ্ত ইয়াহুদী আৰু খৃষ্টানসকল! আমি তোমালোকৰ মুখমণ্ডলত থকা জ্ঞান ইন্দ্ৰীয়সমূহ নিঃশেষ কৰাৰ আগতে তথা তোমালোকৰ মুখমণ্ডল পিছফালে ঘূৰাই দিয়াৰ পূৰ্বে সেইটোৰ প্ৰতি ঈমান পোষণ কৰা যিটো আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰিছো, যিটো তোমালোকৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলৰ সত্যায়ন কৰিবলৈ আহিছে। অথবা আল্লাহৰ ৰহমতৰ পৰা দূৰ কৰাৰ পূৰ্বেই ঈমান পোষণ কৰা, যিদৰে আমি শনিবাৰীয়া লোকক সকলক দূৰ কৰিছিলো, যিসকলে নিষিদ্ধ হোৱাৰ পিছতো শনিবাৰে চিকাৰ কৰিছিল। ফলত আল্লাহে সিহঁতক বান্দৰ বনাই দিছিল। আল্লাহৰ আদেশ আৰু তেওঁৰ ফয়চালা নিশ্চিত ভাৱে বাস্তবায়িত হয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক