ছূৰা 4 · জুজ 5

An-Nisa · 4:39

وَمَاذَا عَلَيْهِمْ لَوْ آمَنُوا بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَأَنْفَقُوا مِمَّا رَزَقَهُمُ اللَّهُ ۚ وَكَانَ اللَّهُ بِهِمْ عَلِيمًا

সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিলে আৰু আল্লাহে সিহঁতক যি প্ৰদান কৰিছে তাৰ পৰা ব্যয় কৰিলে সিহঁতৰ কি ক্ষতি হ’লেহেঁতেন? আৰু আল্লাহে সিহঁতৰ বিষয়ে সম্যক অৱগত।

তাফছীৰ

সিহঁতৰ কি ক্ষতি হ'লহেঁতেন, যদি সিহঁতে প্ৰকৃততে আল্লাহ আৰু ক্বিয়ামতৰ প্ৰতি ঈমান পোষণ কৰিলেহেঁতেন আৰু আল্লাহে সিহঁতক যি সম্পদ দান কৰিছে সেইবোৰ যদি আল্লাহৰ পছন্দনীয় শিতানত তথা তেওঁৰ সন্তুষ্টি অৰ্জনাৰ্থে ব্যয় কৰিলেহেঁতেন? বৰং ইয়াত আছিল কল্যাণেই কল্যাণ। আল্লাহে সিহঁতক ভালদৰে জানে। সিহঁতৰ কোনো অৱস্থাই তেওঁৰ পৰা গোপন নহয় আৰু তেওঁ সিহঁতৰ প্ৰত্যেককে সিহঁতৰ আমলৰ প্ৰতিদান দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক