ছূৰা 4 · জুজ 5
An-Nisa · 4:38
وَالَّذِينَ يُنْفِقُونَ أَمْوَالَهُمْ رِئَاءَ النَّاسِ وَلَا يُؤْمِنُونَ بِاللَّهِ وَلَا بِالْيَوْمِ الْآخِرِ ۗ وَمَنْ يَكُنِ الشَّيْطَانُ لَهُ قَرِينًا فَسَاءَ قَرِينًا
আৰু যিসকলে মানুহক দেখুৱাবলৈ নিজৰ ধন-সম্পদ ব্যয় কৰে লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে আৰু চয়তান যাৰ সঙ্গী হয়। এতেকে সেই সঙ্গী কিমান যে নিকৃষ্ট!
তাফছীৰ
এইদৰে আমি সিহঁতৰ বাবে শাস্তি প্ৰস্তুত কৰি ৰাখিছো, যিসকলে নিজৰ সম্পদ কেৱল এই কাৰণে ব্যয় কৰে যাতে মানুহে দেখি তাৰ প্ৰশংসা কৰে। সিহঁতে আল্লাহ আৰু ক্বিয়ামতৰ প্ৰতি বিশ্বাস পোষণ নকৰে। আমি সিহঁতৰ বাবেও সেই অপমানকাৰী শাস্তি তৈয়াৰ কৰি থৈছো। সিহঁতক চয়তানৰ অনুসৰণেই বিভ্ৰান্ত কৰিছে। এতেকে চয়তান যাৰ সঙ্গী হৈছে, সি জানি থোৱা উচিত, চয়তান বৰ বেয়া সঙ্গী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক