ছূৰা 4 · জুজ 5
An-Nisa · 4:37
الَّذِينَ يَبْخَلُونَ وَيَأْمُرُونَ النَّاسَ بِالْبُخْلِ وَيَكْتُمُونَ مَا آتَاهُمُ اللَّهُ مِنْ فَضْلِهِ ۗ وَأَعْتَدْنَا لِلْكَافِرِينَ عَذَابًا مُهِينًا
যিসকলে কৃপণতা কৰে আৰু মানুহক কৃপণতাৰ নিৰ্দেশ দিয়ে আৰু আল্লাহে নিজ অনুগ্ৰহত সিহঁতক যি প্ৰদান কৰিছে সেয়া গোপন কৰে; আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।
তাফছীৰ
আল্লাহে সেইসকল লোকক পছন্দ নকৰে, যিসকলে আল্লাহে দিয়া ধনক সেই ঠাইতো ব্যয় নকৰে যত ব্যয় কৰা সিহঁতৰ ওপৰত অনিবাৰ্য, লগতে নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা আনকো ইয়াৰ উপদেশ নিদিয়ে। আল্লাহে প্ৰদান কৰা নিয়ামত যেনে- জীৱিকা তথা ইল্ম মানুহৰ সন্মুখত প্ৰকাশ কৰাৰ বিপৰীতে সেয়া গোপন কৰে আৰু অসত্যটো প্ৰকাশ কৰে। এইটো দৰাচলতে কাফিৰসকলৰ স্বভাৱ। নিশ্চয় আমি কাফিৰসকলৰ বাবে অপমানকাৰী শাস্তি প্ৰস্তুত কৰি ৰাখিছো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক