ছূৰা 4 · জুজ 5

An-Nisa · 4:31

إِنْ تَجْتَنِبُوا كَبَائِرَ مَا تُنْهَوْنَ عَنْهُ نُكَفِّرْ عَنْكُمْ سَيِّئَاتِكُمْ وَنُدْخِلْكُمْ مُدْخَلًا كَرِيمًا

তোমালোকক যি নিষেধ কৰা হৈছে তাৰে মাজৰ পৰা যিবোৰ কবিৰা গুণাহ সেইবোৰৰ পৰা তোমালোকে যদি বিৰত থাকা তেন্তে আমি তোমালোকৰ সৰু-সুৰা পাপসমূহ ক্ষমা কৰি দিম আৰু তোমালোকক সন্মানজনক স্থানত প্ৰৱেশ কৰাম।

তাফছীৰ

হে মুমিনসকল! যদি তোমালোকে ডাঙৰ ডাঙৰ গুনাহৰ পৰা বিৰত থাকা, যেনে- আল্লাহৰ লগত শ্বিৰ্ক কৰা, পিতৃ-মাতৃৰ অবাধ্যতা কৰা, কাৰোবাক হত্যা কৰা, সুতৰ লেনদেন কৰা, তেন্তে আমি তোমালোকৰ সৰু সৰু গুনাহসমূহ ক্ষমা কৰি দিম আৰু তোমালোকক সন্মানিত ঠাইত (জান্নাতত) প্ৰৱেশ কৰাম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক