ছূৰা 4 · জুজ 5
An-Nisa · 4:32
وَلَا تَتَمَنَّوْا مَا فَضَّلَ اللَّهُ بِهِ بَعْضَكُمْ عَلَىٰ بَعْضٍ ۚ لِلرِّجَالِ نَصِيبٌ مِمَّا اكْتَسَبُوا ۖ وَلِلنِّسَاءِ نَصِيبٌ مِمَّا اكْتَسَبْنَ ۚ وَاسْأَلُوا اللَّهَ مِنْ فَضْلِهِ ۗ إِنَّ اللَّهَ كَانَ بِكُلِّ شَيْءٍ عَلِيمًا
আৰু তোমালোকে আকাংক্ষা নকৰিবা সেইবোৰ বস্তুৰ যাৰ দ্বাৰা আল্লাহে তোমালোকৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। পুৰুষে যি অৰ্জন কৰে সেয়া তাৰ প্ৰাপ্য অংশ আৰু নাৰীয়ে যি অৰ্জন কৰে সেয়া তাইৰ প্ৰাপ্য অংশ; আৰু আল্লাহৰ ওচৰত তেওঁৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা, নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।
তাফছীৰ
হে মুমিনসকল! আল্লাহে তোমালোকৰ মাজৰ এজনক আনজনৰ তুলনাত যি অধিক প্ৰদান কৰিছে, সেয়া কামনা নকৰিবা। যাতে অসন্তুষ্টি আৰু ঈৰ্ষা ভাৱ সৃষ্টি নহয়। এতেকে আল্লাহে পুৰুষসকলক যি বিশেষত্ব প্ৰদান কৰিছে, নাৰীসকলে সেইবোৰৰ আশা কৰা উচিত নহয়। কাৰণ প্ৰত্যেক বৰ্গৰ বাবে সিহঁতৰ যোগ্যতা অনুসাৰে বেলেগ বেলেগ প্ৰতিফল প্ৰদান কৰা হৈছে, আৰু প্ৰত্যেকেই নিজ নিজ কৰ্মৰ অংশ লাভ কৰিব। নিশ্চয় আল্লাহ সকলো বিষয়ত সৰ্বজ্ঞ, সেয়ে তেওঁ সকলো বৰ্গকে সিহঁতৰ সক্ষমতা অনুযায়ী কৰ্ম প্ৰদান কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক