ছূৰা 4 · জুজ 5

An-Nisa · 4:30

وَمَنْ يَفْعَلْ ذَٰلِكَ عُدْوَانًا وَظُلْمًا فَسَوْفَ نُصْلِيهِ نَارًا ۚ وَكَانَ ذَٰلِكَ عَلَى اللَّهِ يَسِيرًا

আৰু যিয়ে সীমালংঘন কৰি অন্যায়ভাৱে এনেকুৱা কৰিব, অনতিপলমে আমি তাক জুইত নিক্ষেপ কৰিম, আৰু এই কাম আল্লাহৰ বাবে অতি সহজ।

তাফছীৰ

যিয়ে মোৰ এই নিষেধকৃত কৰ্মসমূহ কৰিব, অৰ্থাৎ যিয়ে আনৰ ধন অবৈধভাৱে ভক্ষণ কৰিব অথবা কাকো হত্যা কৰিব জানি বুজি, অজানিতে বা ভুলবশতঃ নহয় তেন্তে কিয়ামতৰ দিনা আল্লাহে তাক মহা অগ্নিত নিক্ষেপ কৰিব। সি সেই অগ্নিৰ উষ্ণতাত ককবকাই থাকিব আৰু তাৰ শাস্তি ভোগ কৰিব। এইটো আল্লাহৰ বাবে তেনেই উজু। কিয়নো তেওঁ সকলো বিষয়ত ক্ষমতাৱান, তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক