ছূৰা 4 · জুজ 4

An-Nisa · 4:19

يَا أَيُّهَا الَّذِينَ آمَنُوا لَا يَحِلُّ لَكُمْ أَنْ تَرِثُوا النِّسَاءَ كَرْهًا ۖ وَلَا تَعْضُلُوهُنَّ لِتَذْهَبُوا بِبَعْضِ مَا آتَيْتُمُوهُنَّ إِلَّا أَنْ يَأْتِينَ بِفَاحِشَةٍ مُبَيِّنَةٍ ۚ وَعَاشِرُوهُنَّ بِالْمَعْرُوفِ ۚ فَإِنْ كَرِهْتُمُوهُنَّ فَعَسَىٰ أَنْ تَكْرَهُوا شَيْئًا وَيَجْعَلَ اللَّهُ فِيهِ خَيْرًا كَثِيرًا

হে ঈমান্দাৰসকল! বলপূৰ্বকভাৱে নাৰীসকলৰ উত্তৰাধিকাৰ হোৱা তোমালোকৰ বাবে বৈধ নহয়। তোমালোকে সিহঁতক যি প্ৰদান কৰিছা তাৰ পৰা কিছু অংশ আত্মসাৎ কৰাৰ উদ্দশ্যে সিহঁতক অৱৰুদ্ধ কৰি নাৰাখিবা, কিন্তু যদি সিহঁতে স্পষ্ট বেয়া আচৰণ কৰে (তেন্তে সেয়া সুকীয়া কথা)। আৰু তোমালোকে সিহঁতৰ লগত সৎভাৱে জীৱন যাপন কৰিবা; তোমালোকে যদি সিহঁতক অপছন্দ কৰা তেন্তে এনেকুৱাও হ’ব পাৰে যে, যিটোত আল্লাহে বহু কল্যাণ নিহিত কৰি ৰাখিছে আৰু তোমালোকে সেইটোকে অপছন্দ কৰি আছা।

তাফছীৰ

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! নিজ পিতৃৰ সম্পত্তিৰ দৰে তেওঁৰ স্ত্ৰীসকলক আৰু কোনো নিকটাত্মীয়ৰ স্ত্ৰীসকলক মিৰাছ হিচাপে গ্ৰহণ কৰা তোমালোকৰ বাবে বৈধ নহয়, আৰু নিজৰ ইচ্ছানুযায়ী তেওঁলোকক বিবাহ কৰা তথা নিজ ইচ্ছানুযায়ী আনৰ ওচৰত বিবাহ দিয়া অথবা তেওঁলোকক বিবাহৰ পৰা বঞ্চিত কৰাটোও তোমালোকৰ বাবে বৈধ নহয়। আৰু তোমালোকৰ বাবে এইটোও বৈধ নহয় যে, নিজৰ যিসকল স্ত্ৰীক তোমালোকে পছন্দ নকৰা সেইসকলক কষ্ট দিবলৈ নিজৰ ওচৰত থাকিবলৈ বাধ্য কৰোৱা। যাতে সিহঁতে বাধ্য হৈ তোমালোকৰ মোহৰ আদি তোমালোকে যি দিছিলা সেয়া ওভোতাই দিয়ে। কিন্তু যদি সিহঁতে কোনো স্পষ্ট গুৰুতৰ অপৰাধ কৰি বহে যেনে- ব্যভিচাৰ, তেন্তে সেয়া সুকীয়া কথা। এনেকুৱা কোনো অপাৰাধ কৰিলে তেন্তে তোমালোকৰ বাবে বৈধ যে, সিহঁতক বাধ্য কৰাই সিহঁতৰ পৰা তোমালোকে দিয়া বস্তুখিনি ঘূৰাই লৈ সিহঁত যাতে অব্যাহতি লয়। এতেকে তোমালোকে নিজৰ স্ত্ৰীসকলৰ লগত উত্তম ব্যৱহাৰ কৰা, সিহঁতক কষ্ট নিদিবা, সিহঁতক সুখ-সুবিধা প্ৰদান কৰিবা। যদি সিহঁতৰ দুনিয়াবী কোনো কৰ্ম তোমালোকৰ পছন্দ নহয়, তেন্তে ধৈৰ্য্য ধাৰণ কৰিবা। এনেকুৱাও হ'ব পাৰে যে, সিহঁতৰ যিটো কৰ্ম তোমালোকে অপছন্দ কৰা সেইটোত পৃথিৱী আৰু আখিৰাতৰ অসংখ্য কল্যাণ নিহিত হৈ আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক