ছূৰা 4 · জুজ 4

An-Nisa · 4:20

وَإِنْ أَرَدْتُمُ اسْتِبْدَالَ زَوْجٍ مَكَانَ زَوْجٍ وَآتَيْتُمْ إِحْدَاهُنَّ قِنْطَارًا فَلَا تَأْخُذُوا مِنْهُ شَيْئًا ۚ أَتَأْخُذُونَهُ بُهْتَانًا وَإِثْمًا مُبِينًا

আৰু তোমালোকে যদি এজনী স্ত্ৰীৰ ঠাইত আন এজনী স্ত্ৰী গ্ৰহণ কৰিবলৈ থিৰ কৰা আৰু সিহঁতৰ এজনীক বহু পৰিমাণে অৰ্থও দিছা, তথাপিও তাইৰ পৰা একোৱেই ওভতাই নলবা। তোমালোকে মিছা অপবাদ আৰু প্ৰকাশ্য পাপাচৰণৰ দ্বাৰা সেয়া গ্ৰহণ কৰিবানে?

তাফছীৰ

হে পতিসকল! যদি তোমালোকে কোনো পত্নীক তালাক দিব বিচৰা আৰু তাইৰ ঠাইত আন কোনো স্ত্ৰী আনিব খোজা, তেন্তে ইয়াত একো অসুবিধা নাই। তোমালোকে যিজনী পত্নীক তালাক দিব বিচৰা, তাইক যদি মোহৰ হিচাপে বহু পৰিমাণে টকা পইচা দিছিলা, তেন্তে তাৰ পৰা একো ওভোতাই লব নোৱাৰিবা। কিয়নো তাইক দিয়া ধনৰ কিবা ওভোতাই লোৱাটো স্পষ্ট আৰোপ তথা স্পষ্ট পাপ বুলি গণ্য হ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক