ছূৰা 4 · জুজ 4

An-Nisa · 4:18

وَلَيْسَتِ التَّوْبَةُ لِلَّذِينَ يَعْمَلُونَ السَّيِّئَاتِ حَتَّىٰ إِذَا حَضَرَ أَحَدَهُمُ الْمَوْتُ قَالَ إِنِّي تُبْتُ الْآنَ وَلَا الَّذِينَ يَمُوتُونَ وَهُمْ كُفَّارٌ ۚ أُولَٰئِكَ أَعْتَدْنَا لَهُمْ عَذَابًا أَلِيمًا

তাওবা সিহঁতৰ বাবে নহয় যিহঁতে আজীৱন বেয়া কাম কৰে, অৱশেষত সিহঁতৰ কাৰোবাৰ মৃত্যু উপস্থিত হ’লে সি কয়, ‘মই এতিয়া তাওবা কৰিছো’, আৰু সিহঁতৰ বাবেও নহয়, যিসকলৰ মৃত্যু কাফিৰ অৱস্থাত হয়। ইহঁতেই সেইসকল লোক যিসকলৰ বাবে আমি কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।

তাফছীৰ

আল্লাহে সেইসকল লোকৰ তাওবা কবূল নকৰে, যিসকলে ধৃষ্টতাৰে গুনাহ কৰি যায়, আৰু তাওবা কৰিবলৈও প্ৰস্তুত নহয়, অৱশেষত যেতিয়া মৃত্যুৰ সন্মুখীন হয়, তেতিয়া কয়ঃ “মই কৰা গুনাহৰ পৰা এতিয়া মই তাওবা কৰোঁ”। এইদৰে তেওঁ সেইসকল লোকৰো তাওবা কবূল নকৰে, যিসকলে কুফৰ অৱস্থাত মৃত্যুবৰণ কৰে। গুনাহৰ ওপৰত অটল থকা লোকসকলৰ বাবে আৰু কুফৰ অৱস্থাত মৃত্যুবৰণকাৰীসকলৰ বাবে আমি কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক