ছূৰা 4 · জুজ 6

An-Nisa · 4:175

فَأَمَّا الَّذِينَ آمَنُوا بِاللَّهِ وَاعْتَصَمُوا بِهِ فَسَيُدْخِلُهُمْ فِي رَحْمَةٍ مِنْهُ وَفَضْلٍ وَيَهْدِيهِمْ إِلَيْهِ صِرَاطًا مُسْتَقِيمًا

এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁক দৃঢ়ভাৱে অৱলম্বন কৰিছে সিহঁতক তেওঁ নিশ্চয় তেওঁৰ দয়া আৰু অনুগ্ৰহৰ মাজত প্ৰৱেশ কৰাব আৰু সিহঁতক সৰল পথত তেওঁৰ ফালে পৰিচালিত কৰিব।

তাফছীৰ

এতেকে যিসকলে ঈমান আনিছে আৰু তেওঁলোকৰ নবীৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনক মজবুতভাৱে ধাৰণ কৰিছে, তেওঁলোকৰ প্ৰতি আল্লাহে কৃপা কৰিব আৰু তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব। লগতে তেওঁলোকৰ ছোৱাব বৃদ্ধি কৰিব আৰু তেওঁলোকৰ মৰ্যদা সুউচ্চ কৰিব, তথা তেওঁলোকক পোন পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান কৰিব, যত কোনো বক্ৰতা নাই। আৰু এইটোৱেই চিৰস্থায়ী জান্নাতত লৈ যোৱাৰ পথ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক