ছূৰা 4 · জুজ 6
An-Nisa · 4:174
يَا أَيُّهَا النَّاسُ قَدْ جَاءَكُمْ بُرْهَانٌ مِنْ رَبِّكُمْ وَأَنْزَلْنَا إِلَيْكُمْ نُورًا مُبِينًا
হে মানৱ! তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত প্ৰমাণ আহিছে আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছো।
তাফছীৰ
হে মানৱজাতি! তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ আহি পৰিছে, ইয়াৰ পিছত কোনো আপত্তিও থাকিব নোৱাৰে আৰু কোনো সংশয় থকাৰো অৱকাশ নাই। সেয়া হৈছে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছো, সেয়া হৈছে আল-কোৰআন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক