ছূৰা 4 · জুজ 6
An-Nisa · 4:173
فَأَمَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ فَيُوَفِّيهِمْ أُجُورَهُمْ وَيَزِيدُهُمْ مِنْ فَضْلِهِ ۖ وَأَمَّا الَّذِينَ اسْتَنْكَفُوا وَاسْتَكْبَرُوا فَيُعَذِّبُهُمْ عَذَابًا أَلِيمًا وَلَا يَجِدُونَ لَهُمْ مِنْ دُونِ اللَّهِ وَلِيًّا وَلَا نَصِيرًا
আনহাতে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁ সিহঁতক সিহঁতৰ পুৰষ্কাৰ পৰিপূৰ্ণভাৱে দান কৰিব লগতে নিজ অনুগ্ৰহত আৰু বেছিকৈ প্ৰদান কৰিব। আৰু যিসকলে (আল্লাহৰ ইবাদত কৰাক) তাচ্ছিল্য জ্ঞান কৰিছে আৰু অহংকাৰ কৰিছে, সিহঁতক তেওঁ কষ্টদায়ক শাস্তি দিব। আল্লাহৰ বাহিৰে সিহঁতে নিজৰ বাবে আন কোনো অভিভাৱক আৰু সহায়ক নাপাব।
তাফছীৰ
এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ ৰাছুলক স্বীকাৰ কৰিছে তথা নিৰ্ভেজালভাৱে আল্লাহৰ বাবে তেওঁৰ চৰীয়ত অনুযায়ী সত্কৰ্ম কৰিছে, আল্লাহে তেওঁলোকক পৰিপূৰ্ণ প্ৰতিদান দান কৰিব, আনকি তেওঁৰ দয়া আৰু অসীম কৃপাত তাতোকৈ অধিক দান কৰিব। কিন্তু যিসকলে আল্লাহৰ ইবাদত আৰু তেওঁৰ আনুগত্য নকৰে তথা অহংকাৰ কৰে, সিহঁতক কষ্টদায়ক শাস্তি প্ৰদান কৰিব। আৰু সিহঁতে আল্লাহৰ বাহিৰে আন কাকো নাপাব, যিয়ে সিহঁতৰ ৰক্ষক হৈ উপকাৰ কৰিব আৰু সহায়ক হৈ ক্ষতিৰ পৰা ৰক্ষা কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক