ছূৰা 4 · জুজ 6

An-Nisa · 4:176

يَسْتَفْتُونَكَ قُلِ اللَّهُ يُفْتِيكُمْ فِي الْكَلَالَةِ ۚ إِنِ امْرُؤٌ هَلَكَ لَيْسَ لَهُ وَلَدٌ وَلَهُ أُخْتٌ فَلَهَا نِصْفُ مَا تَرَكَ ۚ وَهُوَ يَرِثُهَا إِنْ لَمْ يَكُنْ لَهَا وَلَدٌ ۚ فَإِنْ كَانَتَا اثْنَتَيْنِ فَلَهُمَا الثُّلُثَانِ مِمَّا تَرَكَ ۚ وَإِنْ كَانُوا إِخْوَةً رِجَالًا وَنِسَاءً فَلِلذَّكَرِ مِثْلُ حَظِّ الْأُنْثَيَيْنِ ۗ يُبَيِّنُ اللَّهُ لَكُمْ أَنْ تَضِلُّوا ۗ وَاللَّهُ بِكُلِّ شَيْءٍ عَلِيمٌ

মানুহে তোমাৰ ওচৰত সমাধান বিচাৰে। কোৱা, পিতৃ-মাতৃহীন নিঃসন্তান ব্যক্তি সম্পৰ্কে আল্লাহে তোমালোকক সমাধান দিছে, কোনো পুৰুষ মৃত্যুবৰণ কৰিলে সি যদি সন্তানহীন হয় আৰু তাৰ এজনী ভনীয়েক বা বায়েক থাকে তেন্তে তাই পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ পাব। আৰু যদি তাই (মৃত নাৰী) সন্তানহীনা হয় তেনেহ’লে তাইৰ ভায়েক বা ককায়েক তাইৰ উত্তৰাধিকাৰী হ’ব। এতেকে যদি দুজনী ভনিয়েক বা বায়েক থাকে তেন্তে সিহঁতে তাৰ পৰিত্যক্তি সম্পত্তিৰ তিনি ভাগৰ দুভাগ পাব। আৰু যদি কেইবাজনো ভাই-ককাই বা বাই-ভনী থাকে তেন্তে এজন পুৰুষৰ অংশ দুজনী নাৰীৰ অংশৰ সমান। তোমালোকে পথভ্ৰষ্ট হ’বা- এই আশংকাত আল্লাহে তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰিছে; আৰু আল্লাহ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।

তাফছীৰ

হে ৰাছুল! মানুহে আপোনাৰ পৰা কালালাহৰ মীৰাছ সম্পৰ্কে জানিব বিচাৰে। জানি থোৱা উচিত যে, কালালাহ সেই ব্যক্তিক কোৱা হয়, যাৰ মৃত্যুৰ পিছত (অংশীদাৰিত্ব পাবলৈ) তাৰ কোনো সন্তান তথা পিতৃ জীৱিত নাথাকে। আপুনি কৈ দিয়ক, আল্লাহে ইয়াৰ বিধান বৰ্ণনা কৰিছে যে, যদি কোনো এনেকুৱা ব্যক্তিৰ মৃত্যু হয় যাৰ পিতৃও জীৱিত নাই আৰু কোনো সন্তানো নাই, কিন্তু তাৰ যদি কোনো সহোদৰ ভনীয়েক অথবা পিতৃৰ ফালৰ পৰা কোনো ভনী থাকে, তেন্তে তাই পৰিত্যক্ত সম্পত্তিৰ (নিৰ্দিষ্ট ভাগৰ) অৰ্ধাংশ পাব। আৰু মৃত ব্যক্তিৰ সহোদৰ ভাই অথবা পিতৃ ফালৰ পৰা ভাতৃয়ে আচাবা (যাৰ ভাগ সুনিচ্চিত নহয়) হিচাপে পৰিত্যক্ত সম্পত্তিৰ অংশীদাৰ হব, যদিহে তাৰ লগত কোনো নিৰ্দিষ্ট অংশীদাৰ নাথাকে। আনহাতে যদি তাৰ লগত কোনো নিৰ্দিষ্টি অংশ পোৱা ব্যক্তি থাকে তেন্তে সেই অংশ দিয়াৰ পিছতহে তেওঁ বাকী থকা সম্পত্তিৰ ওৱাৰিছ হব। আৰু সহোদৰ ভনী অথবা পিতৃৰ ফালৰ পৰা ভনী একাধিক থাকে তেন্তে তেওঁলোকে নিৰ্দিষ্ট অংশ হিচাপে এক তৃতীয়াংশ পাব। তথা যদি সহোদৰ আৰু পিতৃ ফালৰ পৰা ভাই ভনী উভয় থাকে, তেন্তে এজন পুৰুষৰ অংশ দুজনী নাৰীৰ অংশৰ সমান হব। আল্লাহে তোমালোকৰ কল্যাণ কামনাৰে কালালাহ তথা মীৰাছৰ বিধান প্ৰস্তুত কৰিছে, যাতে তোমালোকে পথভ্ৰষ্ট নোহোৱা। তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক