ছূৰা 4 · জুজ 6

An-Nisa · 4:166

لَٰكِنِ اللَّهُ يَشْهَدُ بِمَا أَنْزَلَ إِلَيْكَ ۖ أَنْزَلَهُ بِعِلْمِهِ ۖ وَالْمَلَائِكَةُ يَشْهَدُونَ ۚ وَكَفَىٰ بِاللَّهِ شَهِيدًا

কিন্তু আল্লাহে সাক্ষ্য দিছে তেওঁ তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে তাৰ মাধ্যমত। তেওঁ সেয়া অৱতীৰ্ণ কৰিছে নিজ জ্ঞানৰ ভিত্তিত আৰু ফিৰিস্তাসকলেও সাক্ষ্য দিছে যদিও সাক্ষীৰূপে আল্লাহেই যথেষ্ট।

তাফছীৰ

হে ৰাছুল! যদিও ইয়াহুদীসকলে আপোনাক অস্বীকাৰ কৰে কিন্তু আপোনাৰ প্ৰতি যি পুথি অৱতীৰ্ণ হৈছে সেইখনক স্বয়ং আল্লাহে সমৰ্থন কৰে। আল্লাহে তাত নিজৰ এনেকুৱা জ্ঞান অৱতীৰ্ণ কৰিছে, যি জ্ঞান সম্পৰ্কে আল্লাহে বান্দাসকলক অৱগত কৰিব বিচাৰে, যেনে- তেওঁ কি কি ভালপায় আৰু পছন্দ কৰে, আৰু কি কি বস্তু তেওঁৰ অপছন্দ আৰু অপ্ৰিয়। আল্লাহৰ লগতে ফিৰিস্তাসকলেও আপোনাৰ চৰীয়তক সমৰ্থন কৰে। এতেকে সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। ইয়াৰ পিছত আন কোনো সাক্ষ্যৰ প্ৰয়োজন নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক