ছূৰা 4 · জুজ 6
An-Nisa · 4:165
رُسُلًا مُبَشِّرِينَ وَمُنْذِرِينَ لِئَلَّا يَكُونَ لِلنَّاسِ عَلَى اللَّهِ حُجَّةٌ بَعْدَ الرُّسُلِ ۚ وَكَانَ اللَّهُ عَزِيزًا حَكِيمًا
সুসংবাদদাতা আৰু সাৱধানকাৰী ৰাছুল প্ৰেৰণ কৰিছো, যাতে ৰাছুলসকল অহাৰ পিছত আল্লাহৰ বিৰুদ্ধে মানুহৰ বাবে কোনো অভিযোগ নাথাকে; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
তাফছীৰ
আমি তেওঁক সেইসকল লোকক ছোৱাবৰ সসংবাদ প্ৰদানৰ বাবে প্ৰেৰণ কৰিছো যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে। আনহাতে সেইসকল লোকৰ প্ৰতি কষ্টদায়ক শাস্তিৰ পৰা ভয় দেখুৱাবলৈ প্ৰেৰণ কৰিছো যিসকলে কুফৰী কৰিছে। যাতে ৰাছুল অহাৰ পিছত মানুহৰ ওচৰত ওজৰ আপত্তিৰ কোনো অৱকাশ নাথাকে, যিটো সিহঁতে আল্লাহৰ ওচৰত দাঙি ধৰিব। নিশ্চয় আল্লাহ ক্ষমতাত মহাপৰাক্ৰমশালী, সিদ্ধান্ত গ্ৰহণত মহাপ্ৰজ্ঞাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক