ছূৰা 4 · জুজ 6

An-Nisa · 4:164

وَرُسُلًا قَدْ قَصَصْنَاهُمْ عَلَيْكَ مِنْ قَبْلُ وَرُسُلًا لَمْ نَقْصُصْهُمْ عَلَيْكَ ۚ وَكَلَّمَ اللَّهُ مُوسَىٰ تَكْلِيمًا

আৰু বহুতো ৰাছুল, যিসকলৰ বৰ্ণনা আমি তোমাক দিছো আৰু বহুতো ৰাছুল যিসকলৰ বৰ্ণনা আমি তোমাক দিয়া নাই আৰু অৱশ্যে আল্লাহে মুছাৰ লগত সুস্পষ্ট কথা কৈছে।

তাফছীৰ

আৰু আমি কিছুমান এনেকুৱা ৰাছুল প্ৰেৰণ কৰিছো যিসকলৰ বৰ্ণনা আমি কোৰআনত উল্লেখ কৰিছো, আনহাতে কিছুমান ৰাছুল এনেকুৱা প্ৰেৰণ কৰিছো যিসকলৰ বৰ্ণনা আমি আপোনাৰ ওচৰত কৰা নাই, বিশেষ হিকমত থকাৰ বাবেই কোৰআনত উল্লেখ কৰা নাই। আৰু মূছা আলাইহিছ ছালামক নুবুওৱত প্ৰদান কৰি আল্লাহে কোনো মাধ্যমত নোহোৱাকৈ প্ৰত্যক্ষভাৱে কথা কৈছিল যিদৰে তেওঁ কথা কব লাগে সেইদৰে কথা কৈছিল। দৰাচলতে এইটো আছিল মূছা আলাইহিছ ছালামে পোৱা এবিধ সন্মান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক