ছূৰা 4 · জুজ 6
An-Nisa · 4:161
وَأَخْذِهِمُ الرِّبَا وَقَدْ نُهُوا عَنْهُ وَأَكْلِهِمْ أَمْوَالَ النَّاسِ بِالْبَاطِلِ ۚ وَأَعْتَدْنَا لِلْكَافِرِينَ مِنْهُمْ عَذَابًا أَلِيمًا
আৰু সিহঁতৰ সুত গ্ৰহণৰ কাৰণে, অথচ ইয়াৰ পৰা সিহঁতক নিষেধ কৰা হৈছিল; লগতে অন্যায়ভাৱে মানুহৰ ধন-সম্পদ গ্ৰাস কৰাৰ কাৰণে। আৰু আমি সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।
তাফছীৰ
আৰু এই কাৰণেও যে, সিহঁতে সুতৰ লেনদেন কৰিছিল, অথচ আল্লাহে সিহঁতক সুত খোৱাৰ পৰা নিষেধ কৰিছিল, আৰু এটা কাৰণ এই যে, সিহঁতে মানুহৰ সম্পদ অন্যায়ভাৱে আত্মসাত কৰিছিল। আমি সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক