ছূৰা 4 · জুজ 6
An-Nisa · 4:162
لَٰكِنِ الرَّاسِخُونَ فِي الْعِلْمِ مِنْهُمْ وَالْمُؤْمِنُونَ يُؤْمِنُونَ بِمَا أُنْزِلَ إِلَيْكَ وَمَا أُنْزِلَ مِنْ قَبْلِكَ ۚ وَالْمُقِيمِينَ الصَّلَاةَ ۚ وَالْمُؤْتُونَ الزَّكَاةَ وَالْمُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ أُولَٰئِكَ سَنُؤْتِيهِمْ أَجْرًا عَظِيمًا
কিন্তু সিহঁতৰ মাজত যিসকল জ্ঞানত মজবুত সিহঁতে আৰু মুমিনসকলে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ কৰা হৈছিল তাৰ প্ৰতি ঈমান আনে। ছালাত প্ৰতিষ্ঠাকাৰী, যাকাত প্ৰদানকাৰী আৰু আল্লাহ ও শেষ দিৱসৰ প্ৰতি ঈমান পোষণকাৰী, সিহঁতক অতিসোনকালে আমি মহা পুৰষ্কাৰ প্ৰদান কৰিম।
তাফছীৰ
কিন্তু হে ৰাছুল! ইয়াহুদীসকলৰ মাজৰ যিসকলে পৰিপক্ক জ্ঞানৰ অধিকাৰী তথা মুমিন, তেওঁলোকে আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনক সত্য বুলি মানে, লগতে সেইসমূহ পুথিকো সত্য বুলি মানে যিবোৰ আপোনাৰ পূৰ্বে ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হৈছিল, যেনে- তাওৰাত আৰু ইঞ্জীল। তেওঁলোকে ছালাত আদায় কৰে, যাকাত প্ৰদান কৰে, লগতে এই কথাও স্বীকাৰ কৰে যে, আল্লাহ একক, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁলোকে কিয়ামতকো বিশ্বাস কৰে। এইসমূহ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিকেই আমি মহা প্ৰতিদান দান কৰিম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক