ছূৰা 4 · জুজ 6

An-Nisa · 4:160

فَبِظُلْمٍ مِنَ الَّذِينَ هَادُوا حَرَّمْنَا عَلَيْهِمْ طَيِّبَاتٍ أُحِلَّتْ لَهُمْ وَبِصَدِّهِمْ عَنْ سَبِيلِ اللَّهِ كَثِيرًا

সেয়ে ভাল খাদ্যবোৰ আমি ইয়াহুদীসকলৰ দুৰাচাৰীতাৰ কাৰণে আৰু আল্লাহৰ পথৰ পৰা বহুতক বাধা দিয়াৰ কাৰণে সিহঁতৰ ওপৰত হাৰাম কৰিছিলো যিবোৰ সিহঁতৰ বাবে হালাল আছিল।

তাফছীৰ

এতেকে ইয়াহুদীসকলৰ অত্যাচাৰৰ কাৰণেই আমি সিহঁতৰ ওপৰত এনেকুৱা কিছুমান বস্তু হাৰাম কৰিছো, যিবোৰ সিহঁতৰ ওপৰত হালাল আছিল। যেনে- আমি সিহঁতৰ ওপৰত প্ৰত্যেক নখ থকা প্ৰাণী হাৰাম কৰছিলো লগতে গৰু ছাগলীৰ পিঠিৰ চৰ্বী ব্যতীত সকলো চৰ্বী হাৰাম কৰিছিলো। ইয়াৰ আৰু এটা কাৰণ আছিল এই যে, সিহঁতে নিজকেও আৰু আনকো আল্লাহৰ পথৰ পৰা বিৰত ৰাখিছিল। আনকি কল্যাণৰ পৰা বাধা দিয়া সিহঁতৰ স্বভাৱত পৰিণত হৈছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক