ছূৰা 4 · জুজ 5
An-Nisa · 4:145
إِنَّ الْمُنَافِقِينَ فِي الدَّرْكِ الْأَسْفَلِ مِنَ النَّارِ وَلَنْ تَجِدَ لَهُمْ نَصِيرًا
নিশ্চয় মুনাফিকসকল জাহান্নামৰ সৰ্বনিম্ন স্তৰত থাকিব আৰু সিহঁতৰ বাবে তুমি কেতিয়াও কোনো সহায়ক নাপাবা।
তাফছীৰ
নিশ্চয় আল্লাহে ক্বিয়ামতৰ দিনা মুনাফিকসকলক জাহান্নামৰ সৰ্বনিম্ন স্থানত ঠাই দিব আৰু তুমি সিহঁতৰ বাবে কোনো সহায়ক নাপাবা যিয়ে সিহঁতৰ শাস্তি দূৰ কৰিব পাৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক