ছূৰা 4 · জুজ 5

An-Nisa · 4:146

إِلَّا الَّذِينَ تَابُوا وَأَصْلَحُوا وَاعْتَصَمُوا بِاللَّهِ وَأَخْلَصُوا دِينَهُمْ لِلَّهِ فَأُولَٰئِكَ مَعَ الْمُؤْمِنِينَ ۖ وَسَوْفَ يُؤْتِ اللَّهُ الْمُؤْمِنِينَ أَجْرًا عَظِيمًا

কিন্তু যিসকলে তাওবা কৰে, নিজকে সংশোধন কৰে, আৰু আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰে আৰু আল্লাহৰ উদ্দেশ্যে সিহঁতৰ দ্বীনক একনিষ্ঠ কৰে, তেন্তে সিহঁত মুমিনসকলৰ লগত থাকিব আৰু মুমিনসকলক আল্লাহে অৱশ্যে মহাপুৰষ্কাৰ প্ৰদান কৰিব।

তাফছীৰ

কিন্তু যিসকলে নিফাকৰ পৰা তাওবা কৰি আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰিছে, আৰু নিজৰ অন্তৰক সংশোধন কৰিছে, আৰু আল্লাহৰ প্ৰতিশ্ৰুতিক মজবুত ভাৱে ধাৰণ কৰিছে লগতে নিজৰ আমল লোকক দেখুৱাবলৈ নকৰি একমাত্ৰ আল্লাহৰ উদ্দেশ্যে বিশুদ্ধচিত্তে কৰিছে, এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই পৃথিৱী আৰু আখিৰাতত মুমিনসকলৰ লগত থাকিব। আৰু আল্লাহে অনতিপলমে মুমিনসকলক বৰ ডাঙৰ প্ৰতিদান দান কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক