ছূৰা 4 · জুজ 5

An-Nisa · 4:140

وَقَدْ نَزَّلَ عَلَيْكُمْ فِي الْكِتَابِ أَنْ إِذَا سَمِعْتُمْ آيَاتِ اللَّهِ يُكْفَرُ بِهَا وَيُسْتَهْزَأُ بِهَا فَلَا تَقْعُدُوا مَعَهُمْ حَتَّىٰ يَخُوضُوا فِي حَدِيثٍ غَيْرِهِ ۚ إِنَّكُمْ إِذًا مِثْلُهُمْ ۗ إِنَّ اللَّهَ جَامِعُ الْمُنَافِقِينَ وَالْكَافِرِينَ فِي جَهَنَّمَ جَمِيعًا

কিতাবত তেওঁ তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে যে, যেতিয়া তোমালোকে আল্লাহৰ আয়াতসমূহ অস্বীকাৰ কৰা শুনিবা আৰু বিদ্ৰূপ কৰা শুনিবা তেতিয়া তোমালোকে সিহঁতৰ লগত নবহিবা, যেতিয়া লৈকে সিহঁতে আন কোনো কথাত নিবিষ্ট নহয়; অন্যথা তোমালোকেও সিহঁতৰ দৰেই হ’বা। নিশ্চয় আল্লাহে মুনাফিকসকলক আৰু কাফিৰসকলক জাহান্নামত একত্ৰিত কৰিব।

তাফছীৰ

হে মুমিনসকল! আল্লাহে তোমালোকৰ বাবে কোৰআনত এই আদেশ অৱতীৰ্ণ কৰিছে যে, যেতিয়া তোমালোকে কোনো বৈঠকত বহি থকা আৰু তাত কোনো ব্যক্তিয়ে যদি আল্লাহৰ কোনো আয়াত অস্বীকাৰ কৰে তথা তাৰ উপহাস কৰে তেন্তে তাৰ পৰা উঠি যোৱা। যেতিয়ালৈকে সিহঁতে আল্লাহৰ আয়াতৰ উপহাস তথা অস্বীকাৰ এৰি আন কোনো বিষয়ত লিপ্ত নহয়। এতেকে যদি তোমালোকে এনেকুৱা নকৰা আৰু সকলো শুনাৰ পিছতো তাত বহি থকা তেন্তে তোমালোকেও সেই অস্বীকাৰকাৰী সকলৰ দৰে বিৰুদ্ধাচাৰণত গণ্য হবা। কিয়নো তোমালোকে তাত বহি আল্লাহৰ আদেশ অমান্য কৰিছা, ঠিক সেইদৰে যিদৰে সিহঁতে কুফৰ কৰি আল্লাহক অমান্য কৰিছে। নিশ্চয় আল্লাহে ইছলাম দাবীদাৰ মুনাফিকসকলক কাফিৰসকলৰ সৈতে জাহান্নামত একত্ৰিত কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক