ছূৰা 4 · জুজ 5
An-Nisa · 4:141
الَّذِينَ يَتَرَبَّصُونَ بِكُمْ فَإِنْ كَانَ لَكُمْ فَتْحٌ مِنَ اللَّهِ قَالُوا أَلَمْ نَكُنْ مَعَكُمْ وَإِنْ كَانَ لِلْكَافِرِينَ نَصِيبٌ قَالُوا أَلَمْ نَسْتَحْوِذْ عَلَيْكُمْ وَنَمْنَعْكُمْ مِنَ الْمُؤْمِنِينَ ۚ فَاللَّهُ يَحْكُمُ بَيْنَكُمْ يَوْمَ الْقِيَامَةِ ۗ وَلَنْ يَجْعَلَ اللَّهُ لِلْكَافِرِينَ عَلَى الْمُؤْمِنِينَ سَبِيلًا
যিসকলে তোমালোকৰ অমঙ্গলৰ অপেক্ষাত থাকে, তাৰ পিছত আল্লাহৰ তৰফৰ পৰা যদি তোমালোকৰ বিজয় হয় তেন্তে কয়, ‘আমি তোমালোকৰ লগত নাছিলো নে’? আৰু যদি কাফিৰসকলৰ বিজয় হয় তেন্তে কয়, ‘আমি তোমালোকৰ বিৰুদ্ধে প্ৰবল নাছিলো নে আৰু আমি তোমালোকক মুমিনসকলৰ পৰা ৰক্ষা কৰা নাইনে’? আল্লাহে কিয়ামতৰ দিনা তোমালোকৰ মাজত বিচাৰ মীমাংসা কৰিব আৰু আল্লাহে কাফিৰসকলৰ বাবে কেতিয়াও মুমিনসকলৰ বিৰুদ্ধে কোনো পথ (উন্মুক্ত) নাৰাখে।
তাফছীৰ
যিসকলে তোমালোকৰ কল্যাণ অথবা অকল্যাণৰ অপেক্ষাত থাকে, এতেকে যদি তোমালোকে আল্লাহৰ সহায় প্ৰাপ্ত হোৱা আৰু যুদ্ধলব্ধ সম্পদ পোৱা তেন্তে অংশ পাবলৈ সিহঁতে কয়ঃ আমি তোমালোকৰ লগত নাছিলোনে? আৰু যুদ্ধত অংশ লোৱা নাছিলোনে? আনহাতে যদি কাফিৰসকলে কোনো অংশ পায় তেতিয়া সিহঁতক কয়ঃ আমি তোমালোকৰ কামত সহায় কৰা নাছিলোনে, মুমিনসকলৰ পৰা বচাবলৈ আমি তোমালোকক চাৰিওফালৰ পৰা চোৱাচিতা কৰা নাছিলোনে? এতেকে কিয়ামতৰ দিনা আল্লাহে তোমালোকৰ মাজত ফয়চালা কৰিব। মুমিনসকলক প্ৰতিদানস্বৰূপে জান্নাতত প্ৰৱেশ কৰাব আৰু মুনাফিকসকলক জাহান্নামৰ তলদেশত নিক্ষেপ কৰিব। আল্লাহে তেওঁৰ অনুগ্ৰহেৰে মুমিনসকলৰ ওপৰত কাফিৰসকলৰ আধিপত্য প্ৰতিষ্ঠা হ'বলৈ নিদিব। বৰং শেষৰ উত্তম ফলাফল কেৱল মুমিনসকলৰ বাবেই নিৰ্দিষ্ট, যেতিয়ালৈকে তেওঁলোকে সত্য ঈমানৰ সৈতে চৰীয়তৰ ওপৰত আমল কৰি থাকিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক