ছূৰা 4 · জুজ 5

An-Nisa · 4:137

إِنَّ الَّذِينَ آمَنُوا ثُمَّ كَفَرُوا ثُمَّ آمَنُوا ثُمَّ كَفَرُوا ثُمَّ ازْدَادُوا كُفْرًا لَمْ يَكُنِ اللَّهُ لِيَغْفِرَ لَهُمْ وَلَا لِيَهْدِيَهُمْ سَبِيلًا

নিশ্চয় যিসকলে ঈমান আনিছে তাৰ পিছত কুফৰী কৰিছে, আকৌ ঈমান আনিছে আকৌ কুফৰী কৰিছে, তাৰ পিছত সিহঁতৰ কুফৰী প্ৰবৃত্তি বৃদ্ধি পাইছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব আৰু সিহঁতক কোনা পথ নেদেখুৱাব।

তাফছীৰ

যিসকলে ঈমান পোষণ কৰা পিছত বাৰে বাৰে কুফৰীলৈ উভতি গৈছে, অৰ্থাৎ ঈমান আনিছে আকৌ কুফৰী কৰিছে, আকৌ ঈমান আনিছে তাৰ পিছত আকৌ কুফৰী কৰিছে আৰু কুফৰৰ ওপৰত অটল থাকি সেই অৱস্থাতেই মৃত্যুবৰণ কৰিছে। আল্লাহে সিহঁতৰ গুনাহ কেতিয়াও ক্ষমা নকৰিব আৰু সিহঁতক আল্লাহৰ পিনে লৈ যোৱা পোন পথৰ তাওফীকো প্ৰদান নকৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক