ছূৰা 4 · জুজ 5
An-Nisa · 4:136
يَا أَيُّهَا الَّذِينَ آمَنُوا آمِنُوا بِاللَّهِ وَرَسُولِهِ وَالْكِتَابِ الَّذِي نَزَّلَ عَلَىٰ رَسُولِهِ وَالْكِتَابِ الَّذِي أَنْزَلَ مِنْ قَبْلُ ۚ وَمَنْ يَكْفُرْ بِاللَّهِ وَمَلَائِكَتِهِ وَكُتُبِهِ وَرُسُلِهِ وَالْيَوْمِ الْآخِرِ فَقَدْ ضَلَّ ضَلَالًا بَعِيدًا
হে মুমিনসকল! তোমালোকে ঈমান আনা আল্লাহৰ প্ৰতি, তেওঁৰ ৰাছুলৰ প্ৰতি আৰু সেই পুথিৰ প্ৰতি যিটো তেওঁ নিজ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছে আৰু সেই গ্ৰন্থৰ প্ৰতিও ঈমান আনা যিটো তেওঁ ইয়াৰ পূৰ্বে অৱতীৰ্ণ কৰিছে। যিয়ে আল্লাহ আৰু তেওঁৰ ফিৰিস্তাসকল, তেওঁৰ কিতাবসমূহ, তেওঁৰ ৰাছুলসকল লগতে শেষ দিৱসৰ প্ৰতি কুফৰী কৰিলে সি ভ্ৰষ্টতাত বহু দূৰ আঁতৰি গ’ল।
তাফছীৰ
হে মুমিনসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি মজবুত ঈমান পোষণ কৰা আৰু তাৰ ওপৰত অটল থাকা। লগতে আল্লাহৰ তৰফৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কোৰআন আৰু তেওঁৰ পূৰ্বে আন আন ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা পুথিসমূহৰ প্ৰতি পূৰ্ণ বিশ্বাস পোষণ কৰা। যিয়ে আল্লাহক, তেওঁৰ ফিৰিস্তাসকলক, তেওঁৰ পুথিসমূহক, তেওঁৰ ৰাছুলসকলক আৰু কিয়ামত দিৱসক অস্বীকাৰ কৰিব তেন্তে সি পোন পথৰ পৰা বহু দূৰ আঁতৰি যাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক