ছূৰা 4 · জুজ 5

An-Nisa · 4:125

وَمَنْ أَحْسَنُ دِينًا مِمَّنْ أَسْلَمَ وَجْهَهُ لِلَّهِ وَهُوَ مُحْسِنٌ وَاتَّبَعَ مِلَّةَ إِبْرَاهِيمَ حَنِيفًا ۗ وَاتَّخَذَ اللَّهُ إِبْرَاهِيمَ خَلِيلًا

সেই ব্যক্তিতকৈ দ্বীনৰ মাজত আৰু কোন উত্তম হ’ব? যিয়ে সৎকৰ্মপৰায়ণ হৈ আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতক অনুসৰণ কৰে, আৰু আল্লাহে ইব্ৰাহীমক অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰিছে।

তাফছীৰ

সেই ব্যক্তিতকৈ অধিক দ্বীনদাৰ আন কোনো হব নোৱাৰে, যিয়ে অন্তৰৰ লগতে প্ৰকাশ্য ভাৱেও আত্মসমৰ্পণকাৰী। আৰু এই কৰ্মত তেওঁ নিৰ্ভেজাল নিয়্যতৰ অধিকাৰী। লগতে চৰীয়ত মুতাবিক উত্তম আমলকাৰী। শ্বিৰ্ক আৰু কুফৰৰ পৰা বিৰত ৰাখি তাওহীদ আৰু ঈমানৰ পিনে পথ দেখুৱা দ্বীনে ইব্ৰাহীমৰ অনুসাৰী, আৰু এইটোৱে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বীনৰ মূল ভিত্তি। আল্লাহে তেওঁৰ নবী ইব্ৰাহীম আলাইহিছ ছালামক সকলো সৃষ্টিৰ মাজৰ পৰা নিৰ্বাচিত কৰি তেওঁৰ পৰিপূৰ্ণ মুহাব্বতৰ অধিকাৰী বনাইছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক