ছূৰা 4 · জুজ 5

An-Nisa · 4:124

وَمَنْ يَعْمَلْ مِنَ الصَّالِحَاتِ مِنْ ذَكَرٍ أَوْ أُنْثَىٰ وَهُوَ مُؤْمِنٌ فَأُولَٰئِكَ يَدْخُلُونَ الْجَنَّةَ وَلَا يُظْلَمُونَ نَقِيرًا

আৰু পুৰুষ বা নাৰীৰ মাজত কোনোবাই ঈমানৰ অৱস্থাত সৎকৰ্ম কৰিলে তেওঁলোক জান্নাতত প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ প্ৰতি অণু পৰিমাণো অন্যায় কৰা নহ’ব।

তাফছীৰ

নাৰী হওঁক বা পুৰুষ, আল্লাহৰ প্ৰতি ঈমান পোষণ কৰি যিয়ে নেক কৰ্ম কৰিব, তেওঁলোকে জান্নাতত প্ৰৱেশ কৰিব। তেওঁলোকৰ আমলৰ ছোৱাবত একো হ্ৰাস কৰা নহব। আনকি খেজুৰ গুটিৰ ওপৰত থকা আৱৰণ পৰিমাণো হ্ৰাস কৰা নহব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক