ছূৰা 4 · জুজ 5

An-Nisa · 4:123

لَيْسَ بِأَمَانِيِّكُمْ وَلَا أَمَانِيِّ أَهْلِ الْكِتَابِ ۗ مَنْ يَعْمَلْ سُوءًا يُجْزَ بِهِ وَلَا يَجِدْ لَهُ مِنْ دُونِ اللَّهِ وَلِيًّا وَلَا نَصِيرًا

তোমালোকৰ কামনা আৰু কিতাবীসকলৰ কামনা অনুসাৰে কোনো কাম নহ’ব; যিয়ে বেয়া আমল কৰিব সি তাৰ প্ৰতিফল ভোগ কৰিব আৰু সি তাৰ বাবে আল্লাহৰ বাহিৰে আন কোনো অভিভাৱক আৰু সহায়ক বিচাৰি নাপাব।

তাফছীৰ

হে মুছলিমসকল! মুক্তি আৰু সফলতাৰ বিষয়টো তোমালোকৰ আশাৰ ওপৰত নিৰ্ভৰশীল নহয় আৰু আহলে কিতাবসকলৰ আশাৰ ওপৰতো নহয়। বৰং বিষয়টো কৰ্মৰ ওপৰত নিৰ্ভৰশীল। এতেকে তোমালোকৰ মাজত যিয়ে বেয়া কৰ্ম কৰিব সি কিয়ামতৰ দিনা তাৰ প্ৰতিদান পাব। সি আল্লাহৰ বাহিৰে এনে কোনো সংৰক্ষক নাপাব যিয়ে তাক উপকাৰ কৰিব। আৰু কোনো সহায়কো নাপাব যিয়ে তাক ক্ষতিৰ পৰা ৰক্ষা কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক