ছূৰা 4 · জুজ 5
An-Nisa · 4:122
وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ سَنُدْخِلُهُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا أَبَدًا ۖ وَعْدَ اللَّهِ حَقًّا ۚ وَمَنْ أَصْدَقُ مِنَ اللَّهِ قِيلًا
আৰু যিসকলে ঈমান আনে আৰু সৎকৰ্ম কৰে, অনতিপলমে আমি তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব; আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আৰু কথাত আল্লাহতকৈ সত্যবাদী আৰু কোন হ’ব পাৰে?
তাফছীৰ
যিসকলে ঈমান আনিছে আৰু আল্লাহৰ নৈকট্যকাৰী নেক আমল কৰিছে, আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম যাৰ অট্টালিকাসমূহৰ তলত নদীসমূহ প্ৰবাহিত। তেওঁলোক তাত চিৰস্থায়ী হব। এইটো আল্লাহৰ প্ৰতিশ্ৰুতি আৰু তেওঁৰ প্ৰতিশ্ৰুতি চিৰসত্য। তেওঁ কেতিয়াও প্ৰতিশ্ৰুতি ভঙ্গ নকৰে আৰু তেওঁতকৈ অধিক সত্যবাদী আন কোনো নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক