ছূৰা 4 · জুজ 5
An-Nisa · 4:119
وَلَأُضِلَّنَّهُمْ وَلَأُمَنِّيَنَّهُمْ وَلَآمُرَنَّهُمْ فَلَيُبَتِّكُنَّ آذَانَ الْأَنْعَامِ وَلَآمُرَنَّهُمْ فَلَيُغَيِّرُنَّ خَلْقَ اللَّهِ ۚ وَمَنْ يَتَّخِذِ الشَّيْطَانَ وَلِيًّا مِنْ دُونِ اللَّهِ فَقَدْ خَسِرَ خُسْرَانًا مُبِينًا
‘আৰু মই নিশ্চয় সিহঁতক পথভ্ৰষ্ট কৰিম, আৰু অৱশ্যে সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰিম, আৰু অৱশ্যে মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে পশুৰ কাণ ফুটা কৰিব, আৰু অৱশ্যে মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে আল্লাহৰ সৃষ্টি বিকৃত কৰিব’। আল্লাহৰ পৰিবৰ্তে কোনোবাই চয়তানক অভিভাৱকৰূপে গ্ৰহণ কৰিলে সি অৱশ্যে স্পষ্ট ক্ষতিগ্ৰস্ত হয়।
তাফছীৰ
মই নিশ্চয় সিহঁতক তোমাৰ পোন পথৰ পৰা বিৰত ৰাখিম, মিছা প্ৰতিশ্ৰুতি দি সিহঁতক আশা প্ৰদান কৰিম, যাৰ ফলত ভ্ৰষ্টতাও সুন্দৰ লাগিব। সিহঁতক এই আদেশও দিম যে তোমালোকে জীৱ-জন্তুৰ কাণ ফালি দিয়া, যাতে আল্লাহে হালাল কৰা জন্তু হাৰাম হৈ যায়। মই আল্লাহৰ সৃষ্টিক পৰিবৰ্তন ও বিকৃত কৰাৰো আদেশ প্ৰদান কৰিম। এতেকে যিয়ে চয়তানক অভিভাৱক বনাব আৰু তাৰ লগত বন্ধুত্ব কৰিব আৰু তাৰ কথা মানিব, সি বহিষ্কৃত চয়তানৰ লগত বন্ধুত্ব কৰাৰ কাৰণে স্পষ্ট ক্ষতিগ্ৰস্ততাত পতিত হব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক