ছূৰা 4 · জুজ 5

An-Nisa · 4:117

إِنْ يَدْعُونَ مِنْ دُونِهِ إِلَّا إِنَاثًا وَإِنْ يَدْعُونَ إِلَّا شَيْطَانًا مَرِيدًا

তেওঁৰ পৰিবৰ্তে সিহঁতে কেৱল দেৱীৰেই পূজা-পাঠ কৰে আৰু বিদ্ৰোহী চয়তানৰ পূজা কৰে।

তাফছীৰ

এইসকল মুশ্বৰিকে আল্লাহৰ লগত এনেকুৱা উপাস্যৰ উপাসনা কৰে আৰু আহ্বান কৰে, যিসকলৰ নাম মহিলাৰ নামেৰে জনাজাত, যেনে লাত উজ্জা। যিসকলে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে। সিহঁতে দৰাচলতে চয়তানৰ উপাসনা কৰে যাক আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কাৰ কৰা হৈছে, তাৰ মাজত কোনো কল্যাণ নাই। কিয়নো সিয়েই মানুহক মুৰ্তি পূজাৰ আদেশ দিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক