ছূৰা 4 · জুজ 5

An-Nisa · 4:116

إِنَّ اللَّهَ لَا يَغْفِرُ أَنْ يُشْرَكَ بِهِ وَيَغْفِرُ مَا دُونَ ذَٰلِكَ لِمَنْ يَشَاءُ ۚ وَمَنْ يُشْرِكْ بِاللَّهِ فَقَدْ ضَلَّ ضَلَالًا بَعِيدًا

নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি ভীষণভাৱে পথভ্ৰষ্ট হয়।

তাফছীৰ

নিশ্চয় আল্লাহে তেওঁৰ লগত কৰা শ্বিৰ্কক কেতিয়াও ক্ষমা নকৰে, বৰং মুশ্বৰিক ব্যক্তিক চিৰকাল জাহান্নামত ৰাখিব। শ্বিৰ্কৰ বাহিৰে আন যিকোনো গুনাহ তেওঁ ইচ্ছা কৰিলে নিজ কৃপা আৰু অনুগ্ৰহত ক্ষমা কৰি দিব। যিয়ে আল্লাহৰ আন কাকো অংশী স্থাপন কৰিব, সি সত্য পথৰ পৰা বহু দূৰ আঁতৰি যাব। কিয়নো সি সৃষ্টিক স্ৰষ্টাৰ সমকক্ষ কৰিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক