ছূৰা 4 · জুজ 5
An-Nisa · 4:115
وَمَنْ يُشَاقِقِ الرَّسُولَ مِنْ بَعْدِ مَا تَبَيَّنَ لَهُ الْهُدَىٰ وَيَتَّبِعْ غَيْرَ سَبِيلِ الْمُؤْمِنِينَ نُوَلِّهِ مَا تَوَلَّىٰ وَنُصْلِهِ جَهَنَّمَ ۖ وَسَاءَتْ مَصِيرًا
আৰু কাৰোবাৰ ওচৰত সৎপথ প্ৰকাশ হোৱাৰ পিছত যদি সি ৰাছুলৰ বিৰুদ্ধাচৰণ কৰে আৰু মুমিনসকলৰ পথৰ বাহিৰে অন্য পথ অনুসৰণ কৰে, তেন্তে আমি তাক সেইফালেই উভতাই দিম যিফালে সি উভতি যায় আৰু তাক জাহান্নামত প্ৰৱেশ কৰাম, আৰু সেয়া কিমান যে বেয়া আবাসস্থল!
তাফছীৰ
সত্য স্পষ্ট হোৱাৰ পিছতো যিয়ে ৰাছুলৰ লগত শত্ৰুতা পোষণ কৰিব, তেওঁ লৈ অহা চৰীয়তৰ বিৰোধিতা কৰিব লগতে মুমিনসকলৰ পথৰ বাহিৰে আন কোনো পথ অৱলম্বন কৰিব, আমি তাক সেই পথৰে পথিক বনাই দিম যিটো সি নিজৰ বাবে পছন্দ কৰিছে। আৰু জানি বুজি সত্যৰ পৰা বিমুখ হোৱাৰ কাৰণে, আমি তাক সত্যৰ পথত আহিবলৈ তাওফীক প্ৰদান নকৰিম। আমি তাক জাহান্নামত প্ৰৱেশ কৰাম, য’ত সি প্ৰচণ্ড গৰম অনুভৱ কৰিব আৰু এইটো ইয়াৰ অধিবাসীসকলৰ বাবে বৰ নিকৃষ্ট ঠাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক