ছূৰা 4 · জুজ 5

An-Nisa · 4:114

۞ لَا خَيْرَ فِي كَثِيرٍ مِنْ نَجْوَاهُمْ إِلَّا مَنْ أَمَرَ بِصَدَقَةٍ أَوْ مَعْرُوفٍ أَوْ إِصْلَاحٍ بَيْنَ النَّاسِ ۚ وَمَنْ يَفْعَلْ ذَٰلِكَ ابْتِغَاءَ مَرْضَاتِ اللَّهِ فَسَوْفَ نُؤْتِيهِ أَجْرًا عَظِيمًا

সিহঁতৰ অধিকাংশ গোপন পৰামৰ্শৰ কোনো কল্যাণ নাই, কিন্তু কল্যাণ আছে যিয়ে ছাদাকাহ, সৎকাম আৰু মানুহৰ মাজত শান্তি স্থাপনৰ নিৰ্দেশ দিয়ে, আল্লাহৰ সন্তুষ্টি লাভৰ আশাত যিয়ে এইটো পালন কৰিব নিশ্চয় আমি তাক মহা পুৰষ্কাৰ প্ৰদান কৰিম।

তাফছীৰ

এনেকুৱা বহুতো অযথা কথাত কোনো কল্যাণ নাই, যিবোৰ মানুহে গোপনে কৰে। আনহাতে যদি সিহঁতৰ সেই কথাত কোনো দানৰ আদেশ থাকে, অথবা কোনো ভাল কামৰ প্ৰতি প্ৰেৰণা থাকে যিটো চৰীয়ত তথা বিবেকৰ দৃষ্টিত ভাল বুলি বিবেচিত হয় নাইবা দুজন ব্যক্তিৰ মাজত শান্তি স্থাপনৰ যদি কোনো আহ্বান থাকে তেন্তে সেয়া সুকীয়া কথা। যিয়ে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে এনেকুৱা কৰিব, আমি অনতিপলমে তাক বৰ ডাঙৰ ছোৱাব প্ৰদান কৰিম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক